জি-২০ সন্মিলনত বিশ্বৰ নেতাসকলৰ লগত বেলেগ ধৰণৰ আপ্যায়ন কৰা হৈছিল। টেবুলত বিভিন্ন নিৰামিষ ব্যঞ্জন সজাই থোৱা আছিল যদিও সকলোৰে বাবে আচৰিত কথাটো আছিল ডাইনিং টেবুলত থকা বাচন-বৰ্তনবোৰ। পুৰণি দিনৰ দৰেই বিশ্বৰ নেতাসকলেও ‘ৰূপৰ প্লেট আৰু সোণৰ চামুচেৰে’ খাইছিল।
টেবুলত থকা নিৰামিষ খাদ্যৰ ভিতৰত আছিল কঁঠাল পাডা, নৰসিংহ পাতেৰে তৈয়াৰী কেৰালাৰ ৰঙা চাউল। ইয়াৰ উপৰিও মুম্বাই পাও, বাকৰখানীৰ দৰে নামো খাদ্য তালিকাত আছিল।
মিঠাইৰ ভিতৰত আছিল মাধুৰিমা নামৰ বিশেষ খাদ্য, সোণৰ পাত্ৰত পৰিবেশন কৰা। ইয়াৰ উপৰিও আছিল দাৰ্জিলিং চাহ আৰু ফিল্টাৰ কৰা কফি।
ৰাতিৰ আহাৰত ইলাচিৰ সোৱাদযুক্ত ইলাচিৰ পুডিংও আছিল। কাঠফুলাৰ ব্যঞ্জন, বিশেষ মছলাৰে তৈয়াৰী কাশ্মীৰী কাৱা চাহ।
শনিবাৰে জি-২০ সন্মিলনৰ প্ৰথম দিনৰ শেষত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিশ্বৰ নেতাসকলৰ বাবে ভোজৰ আয়োজন কৰে। তাত আছিল এই খাদ্যবোৰ।
‘আইৰিছ জয়পুৰ’ নামৰ এটা কোম্পানীয়ে এই সোণ-ৰূপৰ পাত্ৰ তৈয়াৰ কৰিছিল। সন্মিলন উপলক্ষে ২০০ গৰাকী শিল্পীয়ে প্ৰায় ১৫ হাজাৰ ৰূপৰ পাত্ৰত নিজৰ নিপুণ এম্ব্ৰয়ডাৰী প্ৰদৰ্শন কৰে। ক্ৰকাৰী চেটসমূহত ভাৰতৰ চহকী ঐতিহ্যৰ লগতে জাতীয় চৰাই ময়ুৰৰ কাৰুকাৰ্য্যও সন্নিবিষ্ট কৰা হৈছে। এই ডিজাইনবোৰে প্ৰায়ে অতিথিক আকৰ্ষণ কৰে। বিলাসী হোটেল তাজকে ধৰি আন ১১খন হোটেললৈ এই মূল্যৱান সামগ্ৰীসমূহ ডেলিভাৰী কৰা হয়।