দুৰ্নীতিকে ধৰি কেইবাটাও অভিযোগৰ তদন্ত হ’ব বাইডেনৰ বিৰুদ্ধে

ক্ষমতাৰ অপব্যৱহাৰ, বাধা, দুৰ্নীতিকে ধৰি কেইবাটাও অভিযোগত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগনামাৰ তদন্ত আৰম্ভ হ’ব আমেৰিকাৰ কংগ্ৰেছৰ প্ৰতিনিধি সদনত।

মঙলবাৰে এই তথ্য ঘোষণা কৰে প্ৰতিনিধি সদনৰ অধ্যক্ষ কেভিন মেককাৰ্থীয়ে। আমেৰিকাৰ কংগ্ৰেছ ভৱনৰ কেপিটেল হিলত এক চমু বিবৃতিত তেওঁ কয় যে ৰাষ্ট্ৰপতি বাইডেনৰ কাৰ্যকলাপৰ সৈতে জড়িত গুৰুতৰ আৰু বিশ্বাসযোগ্য অভিযোগ উত্থাপন হৈছে। এই অভিযোগে দুৰ্নীতিৰ ছবি দাঙি ধৰে।

যোৱা জানুৱাৰী মাহত ৰিপাব্লিকানসকলে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ নিয়ন্ত্ৰণ লয়। তেতিয়াৰ পৰাই তেওঁলোকে ডেম’ক্ৰেট ৰাষ্ট্ৰপতি বাইডেনৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে আনুষংগিক শুনানিত বাইডেনৰ অসৎ আচৰণৰ কোনো নিৰ্দিষ্ট প্ৰমাণ পোৱা নগ’ল।

কিন্তু ৰিপাব্লিকানসকলে বাইডেনৰ পুত্ৰ হাণ্টাৰ বাইডেনৰ ব্যৱসায়িক লেনদেনৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰিছে। ইফালে, হোৱাইট হাউছে মেককাৰ্থীৰ এই সিদ্ধান্তক গৰিহণা দিছে।

AssamAssamese NewsGuwahatiIndiaInternational
Comments (0)
Add Comment