নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা। OMR শ্বীট ব্যৱহাৰ কৰা হ’ব এইবাৰ মেট্ৰিক পৰীক্ষাত। মঙলবাৰে ছেবাৰ অধ্যক্ষই বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ জাৰি কৰা এক জাননী অনুসৰি ২০২৪ বৰ্ষৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে OMR শ্বীটযোগে পৰীক্ষাত অৱতীৰ্ণ হ’ব।
OBJECTIVE প্ৰশ্নত থাকিব মুঠ নম্বৰৰ ৫০%। বাকী ৫০% উত্তৰবহীত পূৰ্বৰ দৰে লিখিব লাগিব । ১৬টা পৃষ্ঠাৰ উত্তৰবহী যোগান ধৰা হ’ব শিক্ষাৰ্থীক। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা ইংৰাজী, গণিত, সমাজ বিজ্ঞান, বিজ্ঞানৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম।

Comments are closed, but trackbacks and pingbacks are open.