নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ দেশত পুনৰ ‘নিপা’ ভাইৰাছৰ আতংক। নিপা ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত দুজনকৈ লোকৰ মৃত্যু।মৃত্যু হোৱা লোক দুজন কেৰেলাৰ কোঝিকোড জিলাৰ। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই নিশ্চিত কৰিছে এই তথ্য।
আনহাতে, এই ৰোগত আন চাৰিজন লোক চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। চিকিৎসাধীনসকলৰ ভিতৰত আছে তিনিটা শিশু। তেওঁলোকৰ বয়স ক্ৰমে ৪ বছৰ, ৯ বছৰ আৰু ১০ মাহ।
এই ভাইৰাছ বাদুলি, গাহৰি, কুকুৰ আৰু ঘোঁৰাৰ দৰে জন্তুবোৰৰ পৰা প্ৰভাৱিত হয়।
Comments are closed, but trackbacks and pingbacks are open.