নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ এলিয়েন অৰ্থাত্ বৰ্হি জগতৰ প্ৰাণীৰ উপস্থিতি এতিয়া সন্দেহৰ কথা নহয়, কাল্পনিক কথাছবিত দেখুওৱা চেহেৰাৰ দৰেই সাইলাখ চেহেৰাৰ এলিয়েনৰ উপস্থিতি নিশ্চিত হৈছে!কেৱল সিমানেই নহয়, এলিয়েনৰ মৃতদেহো আছে অক্ষত অৱস্থাত! প্ৰদৰ্শিত হৈছে বিশ্ববাসীৰ আগত! মেক্সিকো কংগ্ৰেছে বিশ্ববাসীক হতবাক কৰি মঙলবাৰে প্ৰদৰ্শন কৰে দুই এলিয়েনৰ মৃতদেহ।
কাঁচৰ বাকচত ভৰাই থোৱা এই দুই মৃত এলিয়েন আনুমানিক ১০০০ বছৰীয়া বুলি দাবী কৰা হৈছে। এই অনুষ্ঠানৰ উপস্থাপন কৰে সাংবাদিক আৰু ইউফ’লজিষ্ট জেইম মৌছানে।উল্লেখ কৰা মতে, ডাইটম খনিত পোৱা গৈছিল এই দুই মৃতদেহ আৰু পিছলৈ ইয়াক জীৱাশ্ম কৰা হৈছিল। এই অনুষ্ঠানতে ইউ এফ অ’ আৰু অচিনাক্ত কিছু পৰিঘটনাৰ দৃশ্য থকা কেইবাটাও ভিডিঅ’ও প্ৰদৰ্শন কৰা হৈছিল।
মৌছানে নিজ বক্তব্যত উল্লেখ কৰা মতে, মৃতদেহ দুটাৰ ডি এন এৰ নমুনা পৰীক্ষা কৰি অন্যান্য ডি এন এ নমুনাৰ সৈতে তুলনা কৰা হৈছিল আৰু দেখা গৈছে যে ৩০ শতাংশতকৈ অধিক ডি এন এ নমুনা অজ্ঞাত।তদুপৰি অনুষ্ঠানটোত মৃতদেহকেইটাৰ এক্স-ৰেও প্ৰদৰ্শন কৰা হৈছিল। এই এক্স-ৰেত এটা মৃতদেহৰ ভিতৰত বিৰল ধাতুৰ ইমপ্লাণ্টৰ সৈতে কণীৰ উপস্থিতি দেখা পোৱা বুলি দাবী কৰা হৈছে।