নিউজ ডেস্ক, ১৫ চেপ্তেম্বৰঃ পুনৰ খাকী পোছাকত লাগিল দাগ। কৰ্তব্যত গাফিলতি, সহকৰ্মী আৰু গোচৰ দিবলৈ যোৱা লোকক দুৰ্ব্যৱহাৰৰ অভিযোগত মঙলদৈৰ মহিলা আৰক্ষী বিষয়াক নিলম্বন আৰক্ষী অধীক্ষকৰ।মঙলদৈ সদৰ থানাৰ উপ-পৰিদৰ্শক কৰবী শইকীয়াক নিলম্বন।
অভিযোগ অনুসৰি কৰবী শইকীয়াই কিছুদিন পূৰ্বে প্ৰাক্তন সেনা বিষয়াক দুৰ্ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ গোচৰ সংক্ৰান্তীয় কাম কাজত গাফিলতি কৰিছিল। সেনা বিষয়াগৰাকীয়ে আৰক্ষী অধীক্ষকগৰাকীক এই বিষয়ে অৱগত কৰাইছিল। তাৰোপৰি কৰবী শইকীয়াই নিজৰ সহকৰ্মীক বেয়া ব্যৱহাৰ কৰি আহিছে। এনেবোৰ অভিযোগৰ ভিত্তিতে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ মঙলদৈৰ আৰক্ষী অধীক্ষকৰ।
Comments are closed, but trackbacks and pingbacks are open.