Daily Time Axom

মুকালমুৱাৰ বৰুৱাপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুগৰাকী মহিলা

64

নিউজ ডেস্ক, ১৫ চেপ্তেম্বৰঃ মুকালমুৱাৰ বৰুৱাপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা। পথত ৰৈ থকা যাত্ৰীবাহী টেম্প’ বাহনত খুন্দা বলেৰ’ পিকআপ বাহনৰ। ফলত টেম্পোখনত থকা দুগৰাকী মহিলা থিতাতে নিহত হয়, গুৰুতৰভাৱে আহত হয় আন চাৰিগৰাকী মহিলা ।

নিহত মহিলা দুগৰাকী একেখন গাঁৱৰে মলয়া কাকতি আৰু ৰিংকু বৰ্মন। আহত চাৰিগৰাকী মহিলা ক্ৰমে থুনু তালুকদাৰ, ৰূপালী পাঠক, কবিতা মেধি আৰু জোনালী মেধি।

স্থানীয় লোকে আহতসকলক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসকে GMCHলৈ প্ৰেৰণ কৰে।

Comments are closed, but trackbacks and pingbacks are open.