বিশিষ্ট অভিনেতা, নাট্যকাৰ, ৰাজনীতিবিদ, সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলীপ কুমাৰ হাজৰিকাৰ দেহাৱসান

নিউজ ডেস্ক, ১৫ চেপ্তেম্বৰঃ বিশিষ্ট অভিনেতা, নাট্যকাৰ, ৰাজনীতিবিদ, সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলীপ কুমাৰ হাজৰিকাৰ দেহাৱসান।হৃদৰোগত আক্ৰান্ত হৈ ৯০ বছৰ বয়সত উজান বজাৰস্থিত নিজা বাসগৃহত নিশা ৮ বাজি ৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

তেওঁ মণিৰাম দেৱান, ককা দেউতা নাতি আৰু হাতীৰ দৰে বোলছবিত অভিনয় কৰিছিল। ৰাজনীতিৰ লগতো প্ৰত্যেক্ষভাৱে তেওঁ জড়িত আছিল।দিলীপ কুমাৰ হাজৰিকা NCP পাৰ্টীৰ সক্ৰিয় সদস্য আছিল। লগতে দিলীপ হাজৰিকাই কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।

AssamAssamese ActorAssamese NewsDaily time axomDeathGuwahatiIndia