Daily Time Axom

নোবেল বঁটাৰ মূল্য বাঢ়িব

0 49

এই বছৰৰ পৰা বৃদ্ধি পাবলৈ গৈ আছে নোবেল বঁটাৰ মূল্য।

ফলত এইবাৰৰ বিজয়ীসকলে যোৱাবাৰৰ তুলনাত ৮৯ হাজাৰ মাৰ্কিন ডলাৰ অধিক লাভ কৰিব। শুকুৰবাৰে নোবেল ফাউণ্ডেচনে এক বিবৃতিত এই কথা প্ৰকাশ কৰে। নোবেল ফাউণ্ডেচনে কয় যে উন্নত আৰ্থিক অৱস্থাৰ বাবে এই পুৰস্কাৰৰ ধন বৃদ্ধি কৰা হৈছে। ফলত নোবেল বঁটাৰ মূল্য হ’ব ৯ লাখ ৮৬ হাজাৰ ডলাৰ।
ইয়াৰ পূৰ্বে ২০১২ চনত এই বঁটাৰ আৰ্থিক মূল্য ৮ লাখ ৯৭ হাজাৰ ডলাৰৰ পৰা ৭ লাখ ১৭ হাজাৰ ডলাৰলৈ হ্ৰাস কৰা হৈছিল। তাৰ পিছত ২০১৭ চনত ৮ লাখ আৰু ২০২০ চনত ৮ লাখ ৯৭ হাজাৰ ডলাৰলৈ বৃদ্ধি কৰা হয়। ২ অক্টোবৰৰ পৰা ফিজিঅ’লজি বা মেডিচিন বিভাগৰ পৰা আৰম্ভ হ’ব নোবেল বিজয়ীৰ নাম ঘোষণা। তেতিয়া ক্ৰমান্বয়ে গম পোৱা যাব পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, সাহিত্য আৰু শান্তিৰ ক্ষেত্ৰত কোনে বিশ্বৰ এই আটাইতকৈ সন্মানীয় বঁটা লাভ কৰে।

Leave A Reply

Your email address will not be published.