ভাৰতত ২৩খন নতুন সৈনিক বিদ্যালয় নিৰ্মাণত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে প্ৰায় এশখন নতুন সামৰিক বিদ্যালয় স্থাপনৰ উদ্যোগ লৈছে।

কেইবাটাও স্বেচ্ছাসেৱী সংগঠন, ব্যক্তিগত বিদ্যালয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে সমগ্ৰ দেশৰ ১৯খন নতুন সৈনিক বিদ্যালয়ৰ সৈতে চুক্তিবদ্ধ হৈছে সৈনিক বিদ্যালয় সন্থাই। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২৩খন নতুন সেনা বিদ্যালয় স্থাপনত অনুমোদন জনায়। ফলত দেশত মুঠ নতুন সামৰিক বিদ্যালয়ৰ সংখ্যা বিয়াল্লিশখনলৈ বৃদ্ধি পাইছে।

লক্ষ্য হৈছে ১০০খন নতুন সৈনিক বিদ্যালয় নিৰ্মাণ। যাতে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুযায়ী ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান কৰি সেনাবাহিনীত যোগদান কৰাৰ সুযোগ দিব পাৰে। ব্যক্তিগত খণ্ডৰ বাহিৰেও কেন্দ্ৰীয় চৰকাৰে এখোজ আগুৱাই যাওক যাতে যুৱ সমাজে চৰকাৰৰ লগত হাতে হাতে কাম কৰিব পাৰে। জানিব পৰা মতে এই সৈনিক বিদ্যালয়সমূহে সংশ্লিষ্ট শিক্ষা ব’ৰ্ডৰ বাহিৰেও সৈনিক বিদ্যালয় সন্থাৰ অধীনত কাম কৰিব।

AssamAssamese NewsDaily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment