লিবিয়াত ২০ হাজাৰ লোকৰ মৃত্যুৰ আশংকা, লাখ লাখ লোক নিৰুদ্দেশ

লিবিয়াত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। ২০ হাজাৰ লোকৰ মৃত্যুৰ আশংকা প্ৰশাসনৰ। ছৌদি আৰৱৰ বন্দৰ চহৰ ডাৰ্নাৰ মেয়ৰে আল আৰবিয়াক জনোৱা মতে, মথাউৰিটো ভাঙি ১৮-২০ হাজাৰ লোকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

বিধ্বংসী ধুমুহা ডেনিয়েলৰ ফলত ডাৰ্না চহৰৰ দুটা মথাউৰি ভাঙি যায়। মথাউৰি ভাঙি যোৱাৰ সময়ত সমগ্ৰ চহৰখন শুই আছিল বুলি জানিবলৈ দিয়ে মেয়ৰে। ফলত বাহিৰত যে ভয়ংকৰ দুৰ্যোগ সংঘটিত হৈছে সেই কথা কোনেও অনুভৱ কৰা নাছিল। আৰু সেই দুৰ্যোগে গোটেই চহৰখনকে গিলি পেলাছিল।

ডেৰনাত এক লাখ লোক বাস কৰে। যোৱা দেওবাৰে বন্দৰ চহৰখনত অতিশয় শক্তিৰে আঘাত হানিছিল ধুমুহা ডেনিয়েলে। গোটেই চহৰখন ৰাতিটোৰ ভিতৰতে সলনি হৈ যায়।

এতিয়া ক’তো পানী নাই। কংকালসাৰ চহৰৰ চাৰিওফালে মৃতদেহৰ স্তূপ। বোকাৰ তলত শ শ মৃতদেহ সাগৰৰ পাৰত পৰি আছিল। সময়ৰ লগে লগে নগৰৰ বতাহ মৃতদেহৰ পচি যোৱা গোন্ধেৰে ভৰি পৰে। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি মৃতদেহবোৰ মুকলি ঠাইত থৈ দিয়াৰ বাবে সংক্ৰমণৰ আশংকা আছে। এই পৰিস্থিতিত লিবিয়া চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সাহায্য বিচাৰিছে। এতিয়া চহৰৰ ক’তো পানী নাই। কেৱল ইটা, শিল আৰু বোকাৰে আবৃত ৰাস্তা। ইজিপ্ত, তুৰস্ক আৰু কাটাৰৰ উদ্ধাৰকাৰী দল আহি উদ্ধাৰ অভিযান চলাই আছে।

উছামা আল হুছাদি নামৰ এগৰাকী বাসিন্দাই বিবিচিক জনোৱা মতে, এই দুৰ্যোগত তেওঁৰ পৰিয়ালৰ মুঠ ৫০ জন সদস্য নিৰুদ্দেশ হৈছে। বাচি থকাসকলে এতিয়া নিজৰ আত্মীয়ক বিচাৰিছে। সেই দুৰ্যোগৰ তিনিদিন পাৰ হৈ গ’ল যদিও এতিয়াও মৃতদেহ উদ্ধাৰৰ কাম অব্যাহত আছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment