Daily Time Axom

আজিৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন

38

নিউজ ডেস্ক, ১৮ চেপ্তেম্বৰঃ আজিৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন। প্ৰথম দিনত পুৰণি সংসদ ভৱনত আৰু মঙলবাৰৰ পৰা নতুন সংসদ ভৱনত এই অধিৱেশন অব্যাহত ৰখা হ’ব।

অধিৱেশনত উত্থাপন হ’ব ৮খন বিধেয়ক। লগতে চৰ্চা হ’ব সংসদৰ ৭৫ বৰ্ষীয় পৰিক্ৰমাৰ। CECৰ নিযুক্তি সন্দৰ্ভত উত্থাপন হ’ব বিধেয়ক। CECৰ নিৰ্বাচন পেনেলৰ পৰা CJIক বাদ দিয়াৰ বাবে এই বিধেয়ক। জ্যেষ্ঠ নাগৰিক, অনুসূচিত জাতি-জনজাতি সম্পৰ্কীয় বিধেয়কো উত্থাপন হ’ব। লগতে অধিৱেশনত উপস্থিত থাকিব লাগিব প্ৰতিগৰাকী সাংসদ।

উল্লেখ্য যে, ১৮ৰ পৰা ২২ চেপ্টেম্বৰলৈকে চলিব লগা এই বৈঠকত নেতাসকলক অৱগত কৰিবলৈ আৰু তেওঁলোকৰ মতামত বিচাৰি দেওবাৰে এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল।

Comments are closed, but trackbacks and pingbacks are open.