Daily Time Axom

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা

39

নিউজ ডেস্ক, ১৮ চেপ্তেম্বৰঃ আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা বাবা বিশ্বকৰ্মাৰ পূজা–অৰ্চনাত ব্যস্ত ভক্তসকল। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। প্ৰতিটো অনুষ্ঠান–প্ৰতিষ্ঠান, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানত আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা।

ভগৱান বিশ্বকৰ্মাক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়। তেওঁক বিশ্বৰ প্ৰথম অভিযন্তা বুলিও কোৱা হয়। তেওঁ অকল মৰ্ত্যৰে নহয়, দেৱতাসকলৰো শিল্পী বুলি বিশ্বাস কৰা হয়।

Comments are closed, but trackbacks and pingbacks are open.