সলনি হ’ল দেশৰ পুৰণি সংসদ ভৱনৰ নাম

নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ মঙলবাৰে সলনি হ’ল দেশৰ সংসদ ভৱন। পুৰণি ভৱনৰ নাম ‘সংবিধান সদন’ ৰখাৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।পুৰণি সংসদ ভৱনটোৰ প্ৰাংগনত প্ৰদান কৰা শেষ ভাষণত তেওঁ ভৱনটোক পুৰণি সংসদ ভৱনৰ সলনি “সংবিধান সদন” নামেৰে নামাকৰণ কৰে। ভাষণ প্ৰসংগত মোডীয়ে সকলোকে ভৱনটোক “পুৰণি সংসদ ভৱন” নামৰ সলনি “সংবিধান সদন” হিচাপে মাতিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলো দলৰ সাংসদে সোমবাৰে পুৰণি সংসদ ভৱনক বিদায় জনায়। মঙলবাৰৰ পৰা সংসদৰ কাৰ্যক্ৰম নতুন ভৱনলৈ স্থানান্তৰিত কৰা হৈছে।

Assamese NewsDaily time axomIndiaNew DelhiNew Parliament HouseOld Parliament House