Daily Time Axom

পুনৰ APDCLৰ কৰ্মচাৰীক প্ৰহাৰ কৰি কাঢ়ি নিলে নগদ ধনসহ মোবাইল

38

নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ গোৱালপাৰাৰ শিমলীতোলাত মাৰপিটৰ ঘটনা। কৰ্তব্যৰত অৱস্থাত APDCLৰ কেইবাজনো কৰ্মচাৰীক প্ৰহাৰ একাংশ যুৱকৰ। প্ৰহাৰত আহত হয় চাৰিগৰাকীকৈ কৰ্মচাৰী লুৎফৰ ৰহমান, জাহেদুল ইছলাম, জাহানুৰ আলম, ৰবিউল হুছেইন। শিমলীতোলাত বিভাগীয় গাড়ী ৰখাই মাৰধৰ কৰে যুৱকৰ দলটোৱে। কাঢ়ি নিয়ে নগদ ৫১ হাজাৰ টকাসহ দুটা মোবাইল ।

নিশা ব্যাহত হৈ থকা বিদ্যুৎ সেৱা প্রৱৰ্তনৰ বাবে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। গাড়ী ৰখাই একাংশ যুৱকে কৰ্মচাৰীকেইজনক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাত জড়িত ৰফিকুল খান, জয়দেৱ দাস, মৃদুল মেধি, অমিতাভ মেধিক চিনাক্ত কৰা হৈছে। অভিযুক্তৰ বিৰুদ্ধে শিমলীতোলা আৰক্ষী চকীত এজাহাৰ দাখিল শক্তি বিভাগৰ।

Comments are closed, but trackbacks and pingbacks are open.