৫০ হাজাৰ টকা ঘোচ লৈ আৰক্ষীৰ জালত লাট মণ্ডল

নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ পুনৰ ঘোচ লৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লাট মণ্ডল ৷ লখিমপুৰৰ তিনিকোণীয়াৰ লাট মণ্ডল হেমেন্দ্র বৰাক উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ আৰক্ষীৰ।

জানিব পৰা মতে ১ লাখ টকা উৎকোচ বিচাৰা হেমেন্দ্র বৰাই ৫০ হাজাৰ টকা UPIৰ জৰিয়তে লৈছিল। মাটিৰ ম্যাদী পঞ্জীয়ন তথা নামজাৰিৰ নামত ধন লোৱাৰ অভিযোগ হেমেন্দ্র বৰাৰ বিৰুদ্ধে।

বাকী থকা ৫০ হাজাৰ টকা আদায় ল’বলৈ যাওতেই আৰক্ষীয়ে গ্রেপ্তাৰ কৰে লাট মণ্ডলজনক। সম্প্ৰতি উত্তৰ লখিমপুৰ সদৰ আৰক্ষীৰ জিম্মাত আছে হেমেন্দ্ৰ বৰা।

ArrestAssamAssamese NewsBribeDaily time axomIndiaLakhimpurLakhimpur Police