কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮০সংখ্যক জন্মজয়ন্তী

নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ আজি গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ জয়ন্ত হাজৰিকাৰ ৮০ সংখ্যক ওপজা দিন।তেওঁ ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মলাভ কৰিছিল।ৰাণা দা খ্যাত জয়ন্ত হাজৰিকাই নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

এই আকাশ বৰ বিশাল, তোমাৰ মৰমে মোৰ, মোৰ মিনতি, কেতিয়াবা বেজাৰতে, সময় গতিশীল আদি কেইবাটাও চিৰ স্মৰণীয় গীত ৰচিছিল বিশিষ্ট শিল্পীগৰাকীয়ে।

১৯৭৭ চনৰ অসুস্থতাৰ বাবে ১৫ অক্টোবৰত ৩৪ বছৰ বয়সত মৃত্যুক আঁকোৱালি লয় যশস্বী শিল্পীগৰাকীয়ে।

AssamAssamese NewsAssamese SingerBirthAnniversaryDaily time axomGuwahatiIndiaJayanta Hazarika