নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ আজি ২০ ছেপ্টেম্বৰ, আজি শ্বহীদ দিৱস। ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰত ত্যাগ আন্দোলত জঁপিয়াই পৰি প্ৰাণ আহুতি দিছিল কনকলতা বৰুৱা, মুকুন্দ কাকতিয়ে। গহপুৰৰ বৰঙাবাৰীৰ কনকলতা বৰুৱাৰ বাসগৃহত শ্বহীদ দিৱস উদ্যাপন কৰা হৈছে।
দেশমাতৃৰ স্বাধীনতাৰ হকে যুঁজ দি আজিৰ দিনটোতেই মৃত্যুবৰণ কৰিছিল কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, তিলেশ্বৰী বৰুৱা, মনবৰ নাথ, কমলা মিৰিকে ধৰি কেইবাগৰাকীও বীৰ-বীৰাংগনাই। গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈ বৃটিছৰ গুলীত মৃত্যুবৰণ কৰে কনকলতা বৰুৱা, মুকুন্দ কাকতি আদিয়ে।
Comments are closed, but trackbacks and pingbacks are open.