Daily Time Axom

মাহজোৰা কাৰ্য্যসূচীৰে আজিৰে পৰা ধুবুৰীৰ পৰা শদিয়ালৈ চলিব ‘এক অসম যাত্ৰা’

53

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ আজিৰে পৰা অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’। মাহজোৰা কাৰ্য্যসূচীৰে ধুবুৰীৰ পৰা শদিয়ালৈ চলিব ‘এক অসম যাত্ৰা’। কাৰ্য্যসূচীৰ পূৰ্বে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ,সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ দলীয় নেতৃবৰ্গই মধুপুৰ সত্ৰত শৰাই আগবঢ়াই সেৱা-প্ৰাৰ্থনা কৰে।

৩টা পৰ্যায়ত আৰম্ভ কৰা হ’ব এই কাৰ্য্যসূচী। প্ৰথম পৰ্যায়ত ধুবুৰীৰ পৰা শদিয়ালৈ এই যাত্ৰা কৰা হ’ব। দ্বিতীয় পৰ্যায়ত ধেমাজিৰ পৰা মাজুলী, লখিমপুৰ, তেজপুৰ, দৰং, গুৱাহাটী হৈ দক্ষিণ শালমাৰাত উপস্থিত হ’ব।তৃতীয় পৰ্যায়ত হোজাইৰ পৰা যাত্ৰা আৰম্ভ কৰি বৰাকৰ ৩খন জিলাত উপস্থিত হয় এই যাত্ৰাৰ অন্ত পৰিব।

Comments are closed, but trackbacks and pingbacks are open.