ৰাজ্যত শীঘ্ৰেই বন্ধ কৰিব ১১ সহস্ৰাধিক বিদ্যালয়

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ শীঘ্ৰেই বন্ধ হ’ব ৰাজ্যত ১১,৩৬৮ খন বিদ্যালয়৷ শিক্ষা বিভাগৰ এক বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত৷

তথ্য অনুসৰি ৰাজ্যৰ ৩১খন বিদ্যালয়ত ১জনকৈ শিক্ষাৰ্থী থকাৰ বিপৰীতে ৬৫খন বিদ্যালয়ত আছে মাত্ৰ দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰী।শিক্ষাসেতু’ এপৰ জৰিয়তে লাভ কৰা তথ্যত পোহৰলৈ আহিছে এই তথ্য।

আনহাতে ৰাজ্যৰ ১১ হাজাৰ ২শ ৭২খন বিদ্যালয়ত আছে ৩০জনতকৈ কম শিক্ষাৰ্থী। এই তথ্যৰ আধাৰতে বিভাগে বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaRanoj PeguSchool