মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ২২ চেপ্তেম্বৰঃ মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।বৃহস্পতিবাৰে নিশা ভিভাণ্টা হোটেলৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। এখন Kia Seltos আৰু Innovaৰ মাজৰ সংঘৰ্ষত এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, Kia Seltos বাহন খনক Innova বাহনে মহতিয়াই নিয়ে। এই দুৰ্ঘটনাত এগৰাকী মহিলাসহ দুয়োখন বাহনৰ চালক আহত হয়। নিশাই ঘটনাস্থলীত মহানগৰ যান-বাহন আৰক্ষী উপস্থিত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীৰ সহযোগত আহত কেইজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়।লগতে বাহন দুখন থানালৈ লৈ যায়।

AccidentAssamAssamese NewsDaily time axomGuwahatiGuwahati PoliceIndiaInjured