নিউজ ডেস্ক, ২২ চেপ্তেম্বৰঃ লোকসভাৰ পিছত ৰাজ্যসভাতো গৃহীত হ’ল মহিলাৰ আসন সংৰক্ষণ বিধেয়ক। বিধেয়কখনৰ সপক্ষে ভোটদান ২১৫ গৰাকী সাংসদৰ বিপৰীতে বিপক্ষে এটাও ভোট নপৰিল।সৰ্বসন্মতিক্ৰমে ৰাজ্যসভাত গৃহীত হ’ল নাৰী শক্তি বন্দন অধিনিয়ম।দুয়োখন সদনতে গৃহীত হোৱাৰ পিছত এতিয়া ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হলেই আইনত পৰিণত হব বিধেয়কখন।
লোকসভাৰ মুঠ ৫৪৩ খন আসনৰ ভিতৰত ১৮১ খন আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব। এই সংৰক্ষণ ১৫ বছৰ পৰ্যন্ত বাহাল থাকিব। ইয়াৰ পাছত সংসদে বিচাৰিলে ইয়াৰ সময়সীমা বৃদ্ধি কৰিব পাৰিব।
উল্লেখ্য যে, লোকসভাত গৃহীত হোৱা মহিলা সংৰক্ষণ বিল-২০২৩ বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰা হৈছিল। বিলখন গৃহীত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী সাংসদসকলক ধন্যবাদ জনায়।
Comments are closed, but trackbacks and pingbacks are open.