নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ পুনৰ পোহৰলৈ আহিছে গাৰ নোম শিয়ৰি উঠা আন এক ধৰ্ষণকাণ্ড। চলন্ত টেক্সিৰ ভিতৰত এগৰাকী কিশোৰীক দলৱদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত।আৰক্ষীৰ মতে, ঘৰৰ মানুহৰ ওপৰত ক্ষোভিত হৈ কিশোৰীগৰাকীয়ে অকলে বাহিৰলৈ ওলাই গৈছিল। সেই সুযোগতে দুজন লোকে টেক্সিত উঠাই নি ধৰ্ষণ কৰে কিশোৰীগৰাকীক।
ধৰ্ষণকাৰী দুজনৰ ভিতৰত আছে টেক্সিখনৰ চালক আৰু আন এজন যুৱক। ইফালে কিশোৰীগৰাকী ঘৰৰ পৰা পলাই যোৱা দেখি পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰ দিয়ে। সেই অভিযোগ ভিত্তিত মুম্বাই আৰক্ষীয়ে কিশোৰীগৰাকীৰ অনুসন্ধান আৰম্ভ কৰে আৰু চিচিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে মালাদ অঞ্চলত কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ কেইঘণ্টামানৰ ভিতৰতে দলবদ্ধ ধৰ্ষণৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।এই ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰা আৰু POCSO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।