শিলচৰ NITত ছাত্ৰ আন্দোলন প্ৰত্যাহাৰ

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ শিলচৰ NITত ছাত্ৰ আন্দোলন প্ৰত্যাহাৰ।কৰ্তৃপক্ষৰ সৈতে দীৰ্ঘ বৈঠকৰ অন্তত আন্দোলন প্ৰত্যাহাৰৰ কথা ঘোষণা শিক্ষাৰ্থীৰ।শুকুৰবাৰে নিশা প্ৰত্যাহাৰ কৰিলে আন্দোলন। পাঁচ দিন ধৰি প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীয়ে কৰি আহিছিল আন্দোলন। ৬ দফীয়া দাবীৰে শিক্ষাৰ্থীসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

ডীন বিনয় কৃষ্ণ ৰয়ক অপসাৰণৰ লগতে ৬ দফীয়া দাবী পুৰণৰ প্ৰতিশ্ৰুতি কৰ্তৃপক্ষৰ আৰু এই প্রতিশ্রুতি প্ৰদানৰ বাবেই ছাত্রসকলে প্রত্যাহাৰ কৰে আন্দোলন।

উল্লেখ্য যে, এজন ছাত্রৰ আত্মহত্যাক কেন্দ্র কৰি প্ৰতিষ্ঠানখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।বিগত ১৫ চেপ্তেম্বৰৰ পৰাই শিলচৰ NITত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল।

AssamAssamese NewsDaily time axomIndiaNITSilchar