যুক্তিবাদী চিন্তাবিদ, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়ালৈ “বঙ্গ গৌৰৱ সন্মান” বঁটা

দেশৰ প্ৰখ্যাত অন্ধবিশ্বাস বিৰোধী নেতা, যুক্তিবাদী চিন্তাবিদ, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়ালৈ আগবঢ়াইছে ২০২৩ বৰ্ষৰ “বঙ্গ গৌৰৱ সন্মান” বঁটা। ৱৰ্ল্ড বুক অফ ষ্টাৰ ৰেকৰ্ডছৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে এই বিশেষ সন্মান। ৱৰ্ল্ড বুক অফ ষ্টাৰ ৰেকৰ্ডছৰ উদ্যোগত,বেংগলৰ বিভিন্ন সামাজিক সংগঠনৰ নেতৃত্বত, সুভাষ চন্দ্ৰ বসুৰ পৰিয়াল আদিৰ সহযোগত মধ্যপ্ৰদেশৰ ইন্দ’ৰ আৰু লণ্ডনস্থিত উক্ত ৰেকৰ্ড বুকে বাঙালী সমাজৰ সৌজয়ন্যয়ত আজি বিয়লি কলকাতাৰ হোটেল তাজত প্ৰদান কৰিব এই সন্মান। দেশৰ ভিন্ন প্ৰান্তৰ বিভিন্ন বচা বচা বিশেষ ব্যক্তিক তেওঁলোকৰ উত্তম সেৱা তথা কাৰ্যৰ বাবে উক্ত বঁটা প্ৰদান কৰা হ’ব। শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সন্মান লাভ কৰা ডঃ শইকীয়াক মানৱতা আৰু মানৱ অধিকাৰৰ বিশেষ সেৱা শিতানত আগবঢ়োৱা হৈছে এই বঁটা। বঁটা গ্ৰহণৰ বাবে ডঃ দিব্যজ্যোতি শইকীয়া ইতিমধ্যে কলকাতাত উপস্থিত হৈছে।

AssamAssamese NewsDaily time axomIndiaInternational
Comments (0)
Add Comment