হিমাচলৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত আমিৰ, ২৫ লাখ টকা দান

পাহাৰৰ ওপৰত সৰু সৰু সুসজ্জিত ঘৰবোৰ নিমিষতে ধ্বংস হৈ পৰিছিল। এইবাৰৰ বাৰিষাৰ সময়ত হিমাচল প্ৰদেশত এনে এখন ছবি দেখা পালে সকলোৱে। চকুৰ পলকতে চহৰখন মচি পেলালে বানে।

বাৰিষাত বিধ্বস্ত সেই আটাইকেইটা পৰিয়ালৰ কাষত থিয় হৈছে অভিনেতা আমিৰ খান। হিমাচলত বাৰিষাত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰে সৃষ্টি কৰিছে ‘‘অপৰা ৰাহত কোষ’’। আমিৰে সেই কোষলৈ ২৫ লাখ টকা দান কৰিছে। নায়কৰ এই কামত সকলোৱে অত্যন্ত সুখী। হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে বাৰে বাৰে ধন্যবাদ জ্ঞাপন কৰিছে অভিনেতাগৰাকীক।

bollywoodDaily time axomGuwahatiIndiaNew DelhiWorld
Comments (0)
Add Comment