পাঠশালাৰ সেউজ নগৰত সৃষ্টি হয় তীব্ৰ উত্তেজনা। নামঘৰৰ বাৰান্দাত সুৰাপান কৰাত বাধা দিয়াৰ বাবেই একাংশ স্থানীয় লোকৰ ওপৰত আক্ৰমণ চলালে এদল উন্মত্ত যুৱকে।
ঘটনাৰ বিৱৰণী মতে, সেউজ নগৰ নামঘৰৰ বাৰান্দাত কেইজনমান যুবকে সুৰাপান কৰি উদ্ভণ্ডালি কৰি আছিল। একাংশ স্থানীয় লোকে যুৱকৰ দলটোক নামঘৰৰ বাৰান্দাত সুৰাপান কৰাত বাধা দিয়াত প্ৰথম অৱস্থাত যুৱকৰ দলটো আঁতৰি যায় যদিও কিছু সময় পিছতে প্ৰায় ৫০জনীয়া এটা দলে স্থানীয় লোকসকললৈ খেদি আহে আৰু আক্ৰমণ কৰে।বহুকেইজনে স্থানীয় এঘৰ লোকৰ ঘৰত সোমাই আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰে যদিও উক্ত ঘৰটোত উন্মত্ত যুৱকৰ দলটোৱে শিলগুটি দলিয়াই খিৰিকীৰ গ্লাছ আদি ভাঙি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে । পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।