নিউজ ডেস্ক, ২৬ চেপ্টেম্বৰঃ ৰাজ্যত পুনৰ উন্মুক্ত নলাৰ বাবেই প্ৰাণ গ’ল এজন লোকৰ। বজালীত উন্মুক্ত নলাত পৰি নিহত হয় অৱসৰপ্ৰাপ্ত এজন আৰক্ষী বিষয়া। উন্মুক্ত নলাৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰিছিল আৰক্ষী বিষয়াজনক। মুমূৰ্ষু অৱস্থাত ভৰ্তি কৰাইছিল পাঠশালা চিভিল হাস্পতালত। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল বৰপেটাৰ FAAMCHলৈ। অৱশেষত মৰণফান্দ ৰূপী গাঁতত পৰি দীৰ্ঘসময় যন্ত্ৰণাত ছটফটাই অৱশেষত হাস্পতালত মৃত্যুক সাৱটি ল’লে অশ্বিনী ঠাকুৰীয়া নামৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে।