Daily Time Axom

প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে সন্মান

39

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমানলৈ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান৷ চলিত বৰ্ষৰ দাদা চাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা অভিনেত্ৰীগৰাকীলৈ।সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এইদৰে লিখিছে-“অভিনেত্ৰী ৱাহিদা ৰহমানক এই বছৰৰ দাদা ছাহেব ফাল্কে লাইফটাইম এচিভমেণ্ট বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।”

উল্লেখ্য যে প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমান ‘গাইড’, ‘প্যাছা’, ‘কাগজ কে ফুল’ আৰু ‘চৌদহৱী কা চান্দ’ৰ দৰে ছবিত তেওঁৰ সুন্দৰ অভিনয়ৰ বাবে পৰিচিত।

Comments are closed, but trackbacks and pingbacks are open.