ইৰাকত বিবাহ অনুষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড, শতাধিক লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ ইৰাকৰ বিবাহ অনুষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড। ইৰাকৰ অল-হমদানিয়া জিলাত এই শোকাৱহ ঘটনা। এখন বিৱাহ অভ্যৰ্থনা অনুষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ১১৫জনতকৈয়ো অধিক লোকৰ মৃত্যু য়। আনহাতে আহত হৈছে প্ৰায় ডেৰ শতাধিক লোক। মৃতকৰ ভিতৰত আছে দৰা-কইনাও।ঘটনাস্থলীত অভিযানৰ লগতে প্ৰাথমিক তদন্তও সম্পন্ন কৰিছে জিলা প্ৰশাসনে।

জানিব পৰা মতে, আতচবাজীৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

Assamese NewsDaily time axomDeathInjuredInternationalIraqMassive fire