নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ ইৰাকৰ বিবাহ অনুষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড। ইৰাকৰ অল-হমদানিয়া জিলাত এই শোকাৱহ ঘটনা। এখন বিৱাহ অভ্যৰ্থনা অনুষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ১১৫জনতকৈয়ো অধিক লোকৰ মৃত্যু য়। আনহাতে আহত হৈছে প্ৰায় ডেৰ শতাধিক লোক। মৃতকৰ ভিতৰত আছে দৰা-কইনাও।ঘটনাস্থলীত অভিযানৰ লগতে প্ৰাথমিক তদন্তও সম্পন্ন কৰিছে জিলা প্ৰশাসনে।
জানিব পৰা মতে, আতচবাজীৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।