Daily Time Axom

১ অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

35

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ ১ অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান।২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ’ব ৰাষ্ট্রীয় উদ্যানখন।ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ৰাজেন চৌধুৰীয়ে জনালে এই কথা।ইয়াৰ বাবে বাঁহবাৰী ৰেঞ্জত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ।

বাৰিষাৰ বাবে ৫ জুনৰ পৰা বন্ধ আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। বেকী নৈৰ বাঢ়ি অহা পানী কম হোৱাৰ বাবে উদ্যানখন সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে। যাৰ বাবে অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকে ভ্ৰমণ কৰিব পাৰিব মানাহ ৰাষ্ট্ৰীয় উদ্যান।

Comments are closed, but trackbacks and pingbacks are open.