Daily Time Axom

এতিয়াৰে পৰা ৰাজ্যৰ ৪ খন জিলাত প্ৰযোজ্য হৈ থাকিব AFSPA

0 46

আজিৰ পৰা অসমৰ চাৰিখন জিলাতহে প্ৰযোজ্য হৈ থাকিব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা।এই কথা ঘোষণা কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

অসম আৰক্ষী দিৱস উপলক্ষে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ এপিবিএনত আয়োজিত এক বিশেষ অনুষ্ঠানত এইদৰে আনুষ্ঠানিক ঘোষণা কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

আফস্পা প্ৰযোজ্য হৈ থাকিবলগীয়া জিলা কেইখন হ’ল ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ। ইফালে ৰাজ্যৰ আন আন জিলাৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে।

Leave A Reply

Your email address will not be published.