শিলঘাটত বিচৰণ কৰি থকা আঘাটপ্ৰাপ্ত গড়টোৰ মৃত্যু

নিউজ ডেস্ক, ১ অক্টোবৰঃ অৱশেষত মৃত্যু ঘটিল শিলঘাটত বিচৰণ কৰি থকা আঘাটপ্ৰাপ্ত গড়টো।নেজৰ পিছফালে তেজ বিৰিঙি থকা অৱস্থাত থকা গড়টো অসুস্থ হৈ আছিল। আনহাতে গঁড়টোৰ খড়্গ অক্ষত অৱস্থাত আছিল। বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলায়।

জানিব পৰা মতে, প্ৰায় দুমাহ পূৰ্বে আঘাতপ্ৰাপ্ত গঁড়টোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি কেইবাদিনো শিলঘাট চাহ বাগিচাৰ সমীপত আশ্ৰয় লৈ আছিল।অভিযোগ অনুসৰি, বিগত দুমাহে গঁড়টোৱে আঘাতৰ কোনো ধৰণৰ চিকিৎসা নোপোৱাৰ ফলত দেওবাৰে মৃত্যুক সাৱটি ল’বলগীয়া হয়।

AssamAssamese NewsDaily time axomDeathIndiaKaziranga National ParkRhino