নিউজ ডেস্ক, ১ অক্টোবৰঃ পুনৰ গ্ৰাহকৰ মূৰত মাধমাৰ APDCLৰ। ৰাজ্যত বৃদ্ধি পালে বিদ্যুতৰ মাচুল।প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি।দেওবাৰৰ পৰাই বলৱৎ হ’ব এই নতুন নিৰিখ।
৩০০ ইউনিটলৈ বৃদ্ধি পাব ৩০ পইচাকৈ।৩০১-৫০০ ইউনিটলৈ ৫০ পইচাকৈ আৰু ৫০০ ইউনিটকৈ অধিক ব্যৱহাৰ কৰিলে প্ৰতি ইউনিটত ১.২৭ টকাকৈ বৃদ্ধি পাব বিদ্যুতৰ মাচুল।
আনহাতে বাণিজ্যিক আৰু উদ্যোগিক ক্ষেত্ৰত প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি পাব।