নিউজ ডেস্ক, ১ অক্টোবৰঃ জনতাৰ মূৰত মূল্যবৃদ্ধিৰ ৰামটাঙোন! আজিৰ পৰা বাঢ়িল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। পূৰ্বৰ মূল্যতকৈ ২০৯ টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। দেওবাৰৰ পৰাই কাৰ্যক্ষম হ’ব এই নতুন নিৰিখ।
উল্লেখ্য যে, গুৱাহাটীত আজিৰ পৰা প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৯৩২.০০ টকা হ’ব। ইয়াৰ মূল্য আগষ্ট মাহত ৯৬ টকা আৰু ছেপ্তেম্বৰত ১৬৭ টকা হ্ৰাস পাইছিল যদিও অক্টোবৰত ২০৯ টকা বৃদ্ধি কৰা হৈছে।
Comments are closed, but trackbacks and pingbacks are open.