পুনৰ  গুৱাহাটী মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস

গুৱাহাটী মহানগৰীত পুনৰ  সংঘটিত হৈছে লুটপাতৰ ঘটনা।এগৰাকী মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন। গুৱাহাটীৰ ভিআইপি ৰোডত সংঘটিত হৈছে এই ঘটনা। প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ সময়তে চিলনী চোৰে লুটি লৈ যায় নিজৰা গগৈ নামৰ মহিলা গৰাকীৰ সোণৰ চেইন। ভিআইপি ৰোডৰ ৰঙবং পথৰে পালচাৰ বাইকত আহিছিল দুৰ্বৃত্ত দুটা। কিন্ত দুৰ্বৃত্তৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী। এটিয়া দিছপুৰ আৰক্ষীৰ নিৰ্লিপ্ততাক লৈ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ লোকসকলে।

AssambollywoodDaily time axomDeathIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment