ৰাজ্যত পুনৰ ভূমিকম্পৰ তীব্ৰ জোকাৰণি। ৬.১৬ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। গুৱাহাটীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ উত্তৰ গাৰো হিলছৰ ৰেছুবেলপাৰা বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৫.২। ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল। এই ভূমিকম্পৰ জোকাৰণি বাংলাদেশ, নেপাল, ভূটানত আৰু চীনতো অনুভূত হৈছে।