এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি আশ্ৰাফুল ইছলামে UPPL দলত যোগদান কৰাৰ পিছতেই পৰ্বতঝোৰা জিলা এবিএমছুৰ ছয় জনকৈ নেতাৰ BPF দলত যোগদান।
আজি পৰ্বতঝোৰাৰ সুপাৰীঘাটত বিপিএফ দলৰ এখন কৰ্মী সভাত এবিএমছুৰ ছয়গৰাকী নেতাই আনুষ্ঠানিক বাবে বিপিএফ দলত যোগদান কৰা পৰিলক্ষিত হয়।
পৰ্বতঝোৰা জিলা এবিএমছুৰ কাৰ্য্যকৰী সভাপতি মনিছুৰ ৰহমান, ৰুপসি আঞ্চলিকৰ সভাপতি ৰফিকুল ইছলাম আৰু পাচজনকৈ ছাত্ৰ নেতাক লগত লৈ বিপিএফ দলত যোগদান কৰে।
বিপিএফ দলৰ নীতি আদৰ্শৰ ভাল পাই নেতা কেইজনে দলটোত যোগদান কৰে বুলি আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে।