হিজাব নিপিন্ধা বাবে স্কুলীয়া ছাত্ৰীক নিৰ্যাতন,চিকিৎসাধীন হৈ ক’মাত আছে এতিয়া ছাত্ৰীগৰাকী

ইৰাণত হিজাব পৰিধান নকৰাৰ বাবে এগৰাকী ১৬ বছৰীয়া স্কুলীয়া ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

কুৰ্দি ভিত্তিক মানৱ অধিকাৰ সংস্থা হেংগাও অৰ্গেনাইজেচন ফৰ হিউমেন ৰাইটছে প্ৰকাশ কৰা অনুসৰি তেহৰাণৰ মেট্ৰ’ ষ্টেচনত আৰ্মিতা গাৰাভাণ্ডক মহিলা আৰক্ষী বিষয়াই নিৰ্যাতন চলাইছিল। স্কুলীয়া ছাত্ৰীগৰাকী এতিয়া বায়ুসেনাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ ক’মাত আছে।
বহুতে এই ঘটনাক যোৱা বছৰ আৰক্ষীৰ জিম্মাত মাহছা আমিনিৰ মৃত্যুৰ সৈতে তুলনা কৰিছে। সংগঠনটোৱে দিয়া তথ্য অনুসৰি দেওবাৰে শ্বোহাদা আণ্ডাৰগ্ৰাউণ্ড ষ্টেচনত আৰক্ষী বাহিনীৰ সদস্যই কিশোৰীগৰাকীক অত্যাচাৰ চলাইছিল। গুৰুতৰভাৱে আহত হয়। এতিয়া তেওঁ কঠোৰ নিৰাপত্তাৰ অধীনত চিকিৎসাধীন হৈ আছে। মৰিয়ম লাটফী নামৰ স্থানীয় মহিলা সাংবাদিক এগৰাকীয়ে যেতিয়া গৰাভাণ্ডলৈ যাব বিচাৰিছিল, তেতিয়া কৰ্তৃপক্ষই তেওঁক অস্থায়ীভাৱে আটক কৰি ৰাখিছিল বুলি হেংগাওৱে জানিবলৈ দিয়ে।
তেওঁলোকে লগতে কয় যে কুৰ্দি প্ৰধান পশ্চিম ইৰাণৰ কেৰমানশ্বাহৰ পৰা অহা গাৰাভাণ্ডে তেহৰাণত বাস কৰিছিল। ইফালে তেহৰাণ মেট্ৰ’ৰ পৰিচালন সঞ্চালক মাছুদ দ’ৰষ্টীয়ে দাবী কৰে যে সেইদিনা গৰাৱন্দৰ সৈতে কোনো সংঘাত হোৱা নাছিল।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment