Daily Time Axom

ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰৰূপত ছিকিমত এই পৰ্যন্ত মৃত্যু ১৪জন লোকৰ

42

নিউজ ডেস্ক, ৫ অক্টোবৰঃ ছিকিমৰ লাছেন উপত্যকাত জলপ্ৰলয়। হোৰাহোৰে বাঢ়িছে তিস্তা নদীৰ জলপৃষ্ঠ।লোনাক হ্ৰদৰ তিস্তা নদীত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীৰ ফলত এই পৰ্যন্ত সেনা জোৱানসহ ১৪ জনকৈ লোক নিহত হৈছে।লগতে সন্ধানহীন হৈ আছে ১২০জনৰো অধিক লোক।ভাৰতীয় সেনাৰ ত্ৰিশক্তি ক’ৰ্পৰ সেনাই চলাইছে উদ্ধাৰ অভিযান।

আনহাতে বহু অঞ্চলত এতিয়াও ২০০০ৰো অধিক লোক আবদ্ধ হৈ আছে। চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সতৰ্কবাণী জাৰি কৰা হৈছে। ভাৰতীয় সেনাই সন্ধানহীন লোকৰ পৰিয়ালৰ উদ্ধাৰৰ বাবে তিনিটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। সেনাৰ হেল্পলাইন নম্বৰসমূহ হৈছে–
পূব ছিকিমৰ বাবে হেল্পলাইন নম্বৰ – 8756991895
উত্তৰ ছিকিমৰ বাবে হেল্পলাইন নম্বৰ – 8750887741
সন্ধানহীন জোৱানৰ বাবে হেল্পলাইন নম্বৰ – 7588302011।

Comments are closed, but trackbacks and pingbacks are open.