Daily Time Axom

নৰেন্দ্ৰ মোডী ষ্টেডিয়াম আৰু প্ৰধানমন্ত্ৰীক উৰুৱাই দিয়াৰ ভাবুকি

0 47


বৃহস্পতিবাৰে গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হয় বিশ্বকাপৰ প্ৰথমখন খেল। খেলখন সুকলমে চলিল। বিশ্বকাপৰ ফাইনেলকে ধৰি এতিয়াও ৩খন খেল বাকী আছে। স্বাভাৱিকতে এন আই এলৈ অহা ভাবুকিপূৰ্ণ ই-মেইলৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ পৰা গুজৰাট আৰক্ষীয়ে এটা ৱেক আপ কল পাইছিল।

পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মৃত্যুৰ ভাবুকি! এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মৃত্যুৰ ভাবুকি দিয়া ই-মেইলটো পোনপটীয়াকৈ লাভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই। প্ৰধানমন্ত্ৰীৰ জীৱনৰ বিনিময়ত ৫০০ কোটি টকা আৰু গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ মুক্তিৰ নিয়ম ই-মেইলত উল্লেখ কৰা হৈছে। সেই চৰ্ত পূৰণ নহ’লে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে।

Leave A Reply

Your email address will not be published.