Daily Time Axom

অনুৰাগীৰ কথাত অক্ষয়ৰ চকুত চকুপানী

0 47

বলীউডৰ ‘খিলাড়ী কুমাৰ’ অভিনয়ৰ লগতে আকৰ্ষণীয় কথাৰ বাবেও জনপ্ৰিয়।

তেওঁৰ জীৱনশৈলী বহুতৰে বাবে প্ৰেৰণা। প্ৰায়ে ছ’চিয়েল মিডিয়াত নিজৰ জীৱনৰ স্নেপশ্বট শ্বেয়াৰ কৰে।

অক্ষয় কুমাৰ অভিনীত ‘মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউ’ আজি চিনেমাগৃহত মুক্তি পালে। সেই উপলক্ষে অভিনেতাজনে প্ৰচাৰমূলক অনুষ্ঠানত অংশ লৈছিল।তাত এজন অনুৰাগীৰ কথাই তেওঁক আপ্লুত কৰিছিল।

অনুষ্ঠানত এজন অনুৰাগীয়ে অক্ষয়ক কয়, “আপুনি দেশক নিয়মানুবর্তিতা আৰু শৃঙ্খলাবোধ শিকাইছে। মই এই সময়ত জন্ম লোৱাৰ বাবে ধন্য হৈছো, আপোনাৰ সাক্ষী হ’বলৈ। মিষ্টাৰ বণ্ডৰ পৰাই আপোনাক দেখি আহিছো। আপোনাক ব্যক্তিগতভাৱে চিনি নাপালেও আপোনাৰ প্ৰতি মোৰ মৰম আছে। আপোনাক দেখিলে মোৰ চকুলো ওলাই আহে। মই নোৱাৰো।” অনুৰাগীৰ এই কথা শুনি আৱেগিক হৈ পৰে, বাগৰি আহে অভিনেতাগৰাকীৰো চকুলো।

Leave A Reply

Your email address will not be published.