Daily Time Axom

এইবাৰ ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা বিজেপিৰ

41

নিউজ ডেস্ক, ৬ অক্টোবৰঃ এইবাৰ বিজেপিয়ে ৰাহুল গান্ধীক লৈ তৈয়াৰ কৰিছে এখন পোষ্টাৰ। ৰাৱণৰ ছবিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দেখুওৱা হৈছে বিজেপিয়ে। ৰাহুলক পৰিধান কৰোৱা হৈছে ৰাৱণৰ দৰেই পোছাক। ৰাৱণৰ দৰেই সংযোজন কৰা হৈছে ১০টা মুৰ। ৰাৱণ ৰূপী ৰাহুলৰ পোষ্টাৰত লিখা আছে – এয়া নতুন যুগৰ ৰাৱণ। এখেত চয়তান। ধৰ্মবিৰোধী। ৰাম বিৰোধী। ভাৰত ধ্বংস কৰাই লক্ষ্য আধুনিক যুগৰ এইজনা ৰাৱণৰ।

বিজেপিৰ এই টুইটৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। টুইটেৰে বিজেপিক প্ৰতিআক্ৰমণ কংগ্ৰেছ নেতাসকলৰ।

Comments are closed, but trackbacks and pingbacks are open.