ভয়ংকৰ ভূমিকম্পৰ ফলত আফগানিস্তান জোকাৰি গ’ল।
কেইবা মিনিটৰ ব্যৱধানত ধাৰাবাহিকভাৱে আফটাৰশ্বক অনুভৱ কৰা হৈছিল। শনিবাৰে হোৱা প্ৰচণ্ড ভূমিকম্পৰ পিছত ধ্বংসাৱশেষত ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে। আহত হৈছে কমেও ৭৮জন লোক। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি শনিবাৰে পুৱা প্ৰায় ১১ বজাত অনুভূত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩। ভূমিকম্পৰ উৎস হেৰাটৰ পৰা ৪০ কিলোমিটাৰ দূৰত্বত। প্ৰথমটো কঁপনিৰ পিছত অঞ্চলটোত মুঠ ৭টা আফটাৰশ্বক অনুভৱ কৰা হয়। এই কম্পনৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.৬ৰ পৰা ৬.৩।
ভূমিকম্পৰ পিছত ভূমিস্খলনৰ লগতে জনবসতিপূৰ্ণ অঞ্চলত বহু ঘৰ ভাঙি পৰে। তাৰ বাবে আৰু বহুতৰ মৃত্যুৰ আশংকা।
চলিত বৰ্ষৰ মাৰ্চ মাহত আফগানিস্তানত প্ৰবল ভূমিকম্পত বহু লোকে প্ৰাণ হেৰুৱাইছিল। যোৱা বছৰ জুন মাহত ভূমিকম্পত ইয়াত ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।