দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ হৈ কাম কৰি যাব দিছপুৰ প্ৰেছ ক্লাবে

সাংবাদিকতা বৃত্তিক পেশা -নিচা হিচাপে গ্ৰহণ কৰি দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে কাম কৰি যোৱা কোনো সাংবাদিকৰ কোনো কামকে সমৰ্থন নকৰে দিছপুৰ প্ৰেছ ক্লাবে ।
এক বিবৃতিত দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে কয় যে – সাংবাদিকৰ ন্যায় প্ৰাপ্তি , সাংবাদিকৰ অধিকাৰ, সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুণ্ণ ৰখা, সাংবাদিক -সংবাদ মাধ্যমৰ বিৰুদ্ধে আহি পৰা ভাবুকিক লৈ দিছপুৰ প্ৰেছ ক্লাবে সদায় মাত মাতি আহিছে।
কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সাংবাদিকৰ নাম লৈ কোনো সাংবাদিকে চীন বা অন্য দেশৰ চৰকাৰৰ ধন লৈ নিজ দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি অহা সাংবাদিকৰ পক্ষত দিছপুৰ প্ৰেছ ক্লাব থিয় দিব।
দিছপুৰ প্ৰেছ ক্লাবে সদায় দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ হৈ কাম কৰি যাব ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment