২০ মিনিটত ৫ হাজাৰ ৰকেট আক্ৰমণ, হামাছৰ আক্ৰমণত ২২ জন ইজৰাইলী নিহত

ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতৰ মাজতে পুনৰ এক বৃহৎ যুদ্ধৰ আশংকা।

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘাত দীৰ্ঘদিনীয়া। যাৰ আশে-পাশে আকৌ আৰম্ভ হ’ল যুদ্ধ। পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে শনিবাৰে পুৱা মাত্ৰ ২০ মিনিটৰ ভিতৰতে গাজাৰ পৰা ইজৰাইললৈ ৫ হাজাৰ ৰকেট নিক্ষেপ কৰে। ইয়াৰ পিছত ইজৰাইলে সমগ্ৰ দেশতে যুদ্ধৰ ঘোষণা কৰে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি হামাছ বাহিনীৰ প্ৰথম আক্ৰমণত ২২ জন ইজৰাইলীয়ে প্ৰাণ হেৰুৱাইছে। আহত হৈছে কমেও ৫০০ লোক। পৰিস্থিতি অধিক জটিল হৈ পৰিছে। মৃত্যু সংখ্যা বাঢ়িবও পাৰে। আনহাতে, পেলেষ্টাইনত কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ইজৰাইলৰ বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত অধিক লোক নিহত আৰু আহত হোৱাৰ খবৰ পোৱা গৈছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ে অচিৰেই উচ্চপদস্থ সামৰিক বিষয়া আৰু প্ৰশাসনৰ বিষয়াৰ সৈতে সাক্ষাৎ কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব বুলি ঘোষণা কৰিছে। এই যুদ্ধত ইজৰাইল জয়ী হ’ব বুলিও খবৰ পোৱা গৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment