ইজৰাইললৈ অহা সাধাৰণ মানুহকো বন্দী কৰি ৰাখিছে হামাছে! বিদেশীকো ৰেহাই দিয়া নাই

পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰা সাধাৰণ লোকক বন্দী কৰি কাৰাগাৰত বন্দী কৰি ৰাখিছে। তেওঁলোকৰ হাতত বন্দী হৈছে ইজৰাইলৰ সৈন্যও। আনকি বিদেশীকো ৰেহাই দিয়া নাই। ইজৰাইলত থকা নেপালৰ দূতাবাসে জনাইছে যে হামাছৰ হাতত ১৭জন নেপালী বন্দী হৈ আছে। হামাছৰ আক্ৰমণত তাৰে ৭ জন লোক আহত হৈছে। ইতিমধ্যে এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ অহা-যোৱা কৰা সকলো বিমান বাতিল কৰিছে।

পশ্চিম এছিয়াত এতিয়া পূৰ্ণাংগ যুদ্ধৰ সূচনা হৈছে। হামাছৰ আক্ৰমণৰ পিছত শনিবাৰে ইজৰাইল চৰকাৰে ‘যুদ্ধৰ অৱস্থা’ ঘোষণা কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে আমি যুদ্ধত জয়ী হ’ম। তেতিয়াৰ পৰা ইজৰাইল আৰু পেলেষ্টাইন দুয়োপক্ষৰ ক্ষণিক আক্ৰমণত বিধ্বস্ত হৈ পৰিছে। কেৱল শনিবাৰে পুৱা হামাছে ইজৰাইলৰ ভূখণ্ডত ৫ হাজাৰ ৰকেট নিক্ষেপ কৰে। ইজৰাইলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

AssamDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment