প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মী, বৰগাঙৰ আপোচবিহীন “বাঘ” অনিল দত্ত আৰু নাই

বিহালীৰ সিংহ পুৰুষ প্ৰয়াত কুলধৰ দত্ত জ্যেষ্ঠ পুত্ৰ তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ জ্যেষ্ঠ ভাতৃ অনিল দত্তৰ শুকুৰবাৰে বিয়লি প্ৰায় ৫ মান বজাত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭৩ বছৰ হৈছিল। কিছুদিন ধৰি তেওঁ অসুস্থতাত ভোগী আছিল। অনিল দত্ত জন্ম সূত্ৰে যদিও বিহালী হাতীবন্ধাৰ আছিল ৮০ দশকত বৰগাং কেন্দ্ৰত নিগাজী থাকিবলৈ লয় আৰু বৰগাঙৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ নতুন ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ সকলো ক্ষেত্ৰতে প্ৰকৃতাৰ্থত আপোচবিহীন “বাঘ” আছিল। মাধ্যম আন্দোলনকে ধৰি ছাত্ৰ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা অনিল দত্ত গণ সংগ্ৰাম পৰিষদত যোগদান কৰাৰ পিছত সেই সময়ৰ চি আৰ পি এফৰ মূৰৰ কামোৰণি আছিল আৰু তাৰে ফলস্বৰূপে নিবাৰণ বৰাৰ দৰে ৰাজনীতি বিদৰ সৈতে একেলগে তিহাৰ জেলত কাৰাবাস খাটিব লগা হৈছিল।অত্যন্ত সাহসী,কোনো কথাতে আপোচ নকৰা অনিল দত্ত পিছে ৰাজনৈতিক ভাবে কংগ্ৰেছ দলৰ সক্ৰিয় সদস্য তথা বিহালী ব্লক কংগ্ৰেছৰ সভাপতি পদত আছিল আৰু তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া আৰু প্রাক্তন সাংসদ মনি কুমাৰ চুব্বাৰ অতি ঘনিষ্ঠ আছিল।কিন্তু পাছৰ কালত তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থাকি নিজকে সামাজিক কামত নিয়োগ কৰে আৰু বৰগাং বিষ্ণু ৰাভা মঞ্চ আৰু বৰগাং শিৱ মন্দিৰ আদিৰ লগত জড়িত হৈ বৰগাঙৰ সৰ্বাংগীন উন্নয়নত জড়িত হৈ পৰিছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ভাতৃ ৰঞ্জিত দত্ত সপৰিবাৰে উপস্থিত হোৱাৰ লগতে বিভিন্ন দল সংগঠনৰ লোক আৰু শুভাকাংক্ষী সকল আহি মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এজন পুত্ৰ, এগৰাকী কন্যা সন্তান আৰু কণিষ্ঠ ভাতৃ বিধায়ক ৰঞ্জিত দত্ত, সঞ্জীৱ দত্ত , কণিষ্ঠ ভগ্নী অঞ্জু দত্ত বৰাক ইহ সংসাৰত এৰি থৈ গৈছে। অনিল দত্তৰ মৃত্যুত বৰগাং আঞ্চলৰ যেন এক সুকীয়া ইতিহাসৰ অন্ত পৰিল। তেওঁৰ নশ্বৰ দেহ বৰগাং নদীৰ পাৰত পঞ্চভূতত মিলিত হয়।

AssamAssamese NewsDaily time axomGuwahatiHimanta Biswa SarmaIndiaInternational
Comments (0)
Add Comment