হামাছ হৈছে এক উগ্ৰপন্থী সংগঠন আৰু পেলেষ্টাইন ভূখণ্ডৰ দুটা প্ৰধান ৰাজনৈতিক দলৰ ভিতৰত অন্যতম। ই গাজা ষ্ট্ৰিপত ২০ লাখতকৈ অধিক পেলেষ্টাইনীক শাসন কৰে যদিও ইজৰাইলৰ বিৰুদ্ধে সশস্ত্ৰ প্ৰতিৰোধৰ বাবে এই গোটটো বেছিকৈ পৰিচিত। কেইবা ডজন দেশে হামাছক সন্ত্ৰাসবাদী সংগঠন বুলি অভিহিত কৰিছে যদিও কিছুমানে এই লেবেল কেৱল ইয়াৰ সামৰিক শাখাতহে প্ৰয়োগ কৰে। ইৰাণে ইয়াক বস্তুগত আৰু আৰ্থিক সহায় আগবঢ়ায় আৰু তুৰস্কই ইয়াৰ কিছুমান শীৰ্ষ নেতাক আশ্ৰয় দিয়া বুলি জানিব পৰা গৈছে। পেলেষ্টাইন লিবাৰেশ্যন অৰ্গেনাইজেশ্যন (পিএলঅ’)ত আধিপত্য বিস্তাৰ কৰা আৰু পশ্চিম তীৰত শাসন কৰা ইয়াৰ প্ৰতিদ্বন্দ্বী দল ফাটাহে হিংসা ত্যাগ কৰিছে। পেলেষ্টাইনী নেতৃত্বৰ বিভাজন আৰু ইজৰাইলৰ প্ৰতি হামাছৰ অটল শত্ৰুতাই গাজাত স্থিতিশীলতাৰ সম্ভাৱনা হ্ৰাস কৰিছে।
কিহৰ বাবে যুঁজিছে হামাছে?
গোটটোৰ চনদত ইজৰাইলৰ ঠাইত ইছলামিক পেলেষ্টাইন ৰাষ্ট্ৰ স্থাপনৰ আহ্বান জনোৱা হৈছে আৰু পিএলঅ’ আৰু ইজৰাইলৰ মাজত হোৱা সকলো চুক্তি নাকচ কৰা হৈছে। হামাছৰ শক্তি গাজা ষ্ট্ৰিপ আৰু পশ্চিম পাৰৰ অঞ্চলত কেন্দ্ৰীভূত হৈ আছে।
ইজৰাইলক কিয় আক্ৰমণ কৰিছে হামাছে?
হামাছৰ সদস্যসকলে ২০০ জন ইজৰাইলীক হত্যা কৰাৰ লগতে আৰু কেইবা ডজন ইজৰাইলীক অপহৰণ কৰাৰ পিছত হামাছে দাবী কৰে যে ইজৰাইলে শেহতীয়াকৈ জেৰুজালেমৰ আল আছকা মছজিদ আৰু পশ্চিম পাৰৰ পৰা তেওঁলোকক প্ৰতিশোধ লৈ আছে।
কোনখন দেশে হামাছক সমৰ্থন কৰে?
ইৰাণ আৰু ছিৰিয়াই চৰকাৰী সংবাদ মাধ্যমৰ জৰিয়তে ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ সমৰ্থনত বিবৃতি প্ৰকাশ কৰে।